আৱিৰ্ভাব

 মাটিৰ পৰা আকাশলৈ জপিয়াওতে ভৰিৰ মাটি খহি পৰিয়ে গজে পাহাৰ !
 এনেয়েই জানো ভগৱান কোনোবা হব পাৰে 
 ভাতত পোত গৈ থকা ভোকাতুৰ নাথাকিলে?
 আজি সময় উভটি দৌৰা যুঁজৰ হৰা-জিকাই 
 কাইলৈ বাসুকীৰ হাতত যদিওবা তুলি দিয়ে সদাশিৱৰ বীৰ্য
 তথাপি সাক্ষীহে হৈ ৰয়
 মৃণ্ময় নিস্প্ৰাণ উশাহ !!
Advertisements

অগতানুগতিক

মানুহজনৰ প্ৰতি তাইৰ অসীম শ্ৰদ্ধা । সঁচা ক’ব গ’লে কৌতুহ’ল – কেনেকৈনো তেনেই সহজ সৰল মানুহজনে ইমান দ’কৈ কথাবোৰ ভাবিব পাৰে । তেওঁৰ প্ৰতিটো সৃষ্টিতেই তাই সন্মোহিত হৈ ৰৈ যায় । অগতানুগতিক জীৱনবোধত উদ্দীপ্ত মানুহজনক গতানুগতি জীৱনত নিচেই সহজ-সৰল লাগে । পোনপ্ৰথমবাৰৰ বাবে তেওঁৰ ব্যক্তিগত মেজত চকুফুৰাই পোৱা কাগজখিলাত তেওঁলৈ থকা শ্ৰদ্ধাৰ নমুনা দুষাৰি তাই লিখি থৈ আহিল – “ আপোনাৰ প্ৰতিটো শব্দৰ বতাহে মোৰ মন মগজুত মৌনতাৰ জোৱাৰ সিঁচি যায় – ধন্যবাদ !” ৰাতি ১২.৩০ মান বজাত তাইৰ হোৱাট্চাপত তেঁওৰ পৰা এটা মেচেছ আহে – “ কি কৰিছা ? শোৱা নাই ?” ইমান ৰাতি তেওঁ এনেধৰণৰ মেচেছ দিয়াৰ নজিৰ আজিলৈকে নাই । তাই অলপ আছৰিত হ’ল । তথাপি উত্তৰ দিলে – “ এনেই আছো । নাই শোৱা ।” তেওঁ টাইপিং, মেচেছ – “ আহা একেলগে শো ।” অদ্ভুত !! এয়া কি ? তেওঁ সেইজন মানুহেই নে ? তাই ক’ৰবাত কিবা ভুল কৰিলে নেকি ? তেওঁলৈ দেখুওৱা শ্ৰদ্ধাৰ উত্তৰ কেনেকৈনো এনেকুৱা হ’ব পাৰে – তাই অস্থিৰ হৈ পৰিল । হঠাতে স্মৃতিৰ ক্লাছৰূমত কলিতা চাৰে গতানুগতিক ভাবে সকলোৰে আগত থিয় কৰাই তাইক গালি পাৰে – “ সোনকালে তোৰ হাতৰ আখৰ ঠিক কৰ, নহলে এখোপা মান লিখিও গোল্লা পাবি । “ল’ব” হৈ গৈ “ন’ব” , “মৌলিক” হৈ গৈ “যৌলিক” । কি এইবোৰ? উফ! তোক আৰু কই কই নোৱাৰিছো । গুড হেণ্ডৰাইটিং ইজ এ নেছেছাৰী পাৰ্ট অব ইদুকেচন, মহাত্মা গান্ধীয়ে কৈছিল ……….

অসমান

images


বৰফ এটুকুৰা সাৱটি শিল হ'ব খোজা 

ছোৱালীজনীয়ে ধোৱা ভালপাই ।

মই ক'লো - চিগাৰেট নাখাবা ।

তাই ক'লে - তোমাৰ চকুত একুৰা

জুই জ্বলিছে ।

চাওঁ, চিগাৰেটতো জ্বলাই লওঁ ।

এনে কাব্যিক দুঃসাহসে তাইক

এদিন ভল্গাৰ পাৰত

বাঘৰ বুকুৰ কেঁচা তেজ চোবাই চোবাই 

গংগাৰ পানীত সূৰ্য স্নান কৰোৱাইছিল ।

মই ক'লো - তোমাৰ কথাত দেখোন 

নগ্নতাৰ নিচা বাৰুকৈয়ে লাগিছে ।

তাই ক'লে - কিয়নো মিছাতে মোক কাপোৰ পিন্ধোৱা 

চাওঁ লাজবোৰ খুলি থওঁ ।

অলপ ধোৱাৰ অৰ্থনীতিত কিমান আৰু যুক্তি 

মই ক'লো - দিয়া, চিগাৰেটতো জ্বলাইয়ে লোৱা ।

তাই ক'লে - কোনে ক'লে ধোৱা মোৰ প্ৰিয় ?

মোৰ প্ৰিয় উশাহ নিশাহৰ হেন্দোলনিত আবদ্ধ 

চিৰন্তন উৰন্তমুখী কৌটি কৌটি বিন্দু ।

চকুৰ আগেৰে আকাশলৈ উৰে যেন 

স্তব্ধ সময়ত প্ৰশস্ত গতি - জীৱনৰ, যৌৱনৰ ।

কি কাব্যিক জীৱন, উদং যৌৱন !

কি কাব্যিক জীৱন, উদং যৌৱন !

মোৰ চকুত জুইকুৰা নুমাই থাকিল ।

তাইৰো চিগাৰেটতো জ্বলোৱা নহ'ল ।

জীৱনটো কিনো ??

Silhouette-question-mark
ঘৰৰ পৰা বহু নিলগত 
ছন পৰা তিনিকোণীয়া মাটিৰ ঠিকনা । অলপ ছাই, অলপ ধোৱা ।
জীৱনটো নো, আৰু কি ?

চন তাৰিখৰ হিচাপত সময়ৰ গণনা, তাতো নেদেখা কাৰোবাৰ হে কৃপা ।
জীৱনটো নো, আৰু কি ?

'মই' 'মই' বুলি গা দঙা দিয়াৰ পৰতে 
'মোৰ' বোৰৰ লেখ, সীমা নাইকীয়া ।

আবদ্ধ নিবদ্ধত চব প্ৰবন্ধ ।
ক'ত গান ? ক'ত কবিতা?
হেৰাই হেৰাই চকুৰ বাউসীত চাল ওকণি হৈ ওলোমি ৰোৱা ।
জীৱনটো, নো আৰু কি ?
এই ধৰা তুমি, মই ।
সকলো যেন ধ'ৰাহওক বুলিয়েই ধৰি লোৱা ।
জীৱনটো, দৰাচলতে কিনো ?? কি ?

বাওঁহতীয়া ( The leftist )

জন্মতে ময়ো সোঁহতীয়াই আছিলো ।

ভোকৰ যুদ্ধই সো হাতখন কাটি নিয়া দিনধৰি 

যিখনেৰে খাও সেইখনৰেই ধুও ।

আজিকালি মানুহে মোক বাওঁহতীয়া বুলি হাঁহে ।

মায়ে সুধিছিল – বাবা, তোৰ ইমান ভোক কিহৰ ?

মাৰ মৰমত মোৰ কঠিন উত্তৰ আছিল -

ভোক মোৰ নহয় মা ।

আচলতে এই ভোক খাদ্যৰ নহয় ।

এই ভোক সোৱাদৰ ।

'লা পলিথিনত বান্ধি আমি যে দলিয়াই দিও ৰাস্তাৰ দাঁতিলৈ,

এই ভোক সেই আৱৰ্জনা বোৰৰ ।

মিত্ৰ এজনে অলপতে লগ পাই সুধিলে - বন্ধু, বাকীবোৰৰ কি হ'?

মই ক'লো -

কিছুমানৰ দুয়োখন হাতেই কটা গ'ল । লগতে জিভাখনো ।

কিছুসংখ্যক মোৰ দৰে হাঁহিয়াতৰ পাত্ৰ ।

আৰু,

আৰু বেচি ভাগেই যুদ্ধ এৰি পলাল ।

কৰি আছে এতিয়া,

পেট আৰু ভোকৰ মিতিৰালি ।

নিজে ধুৱে, চাৰকো ধুৱাই দিয়ে ।

নিজে খাই, চাৰকো খাব দিয়ে ।

হাত, জিভা চব বন্ধকীত থৈ চাৰৰ আৰতী কৰে ।

ভাষণত প্ৰশংসা, গালি তো হাত তালি ।

ৰাতিৰ আন্ধাৰত তেওলোকে মোলৈ পত্ৰ লিখে ।

ভাত যাচে, সোৱাদৰ ভাত ।

মই অতিস্থ হৈ চিঞৰি উঠো -

ইমানকৈ নুখুৱাব চাৰ । 

শৈশৱৰ ভোক পেট ফাটি বাহিৰ হৈ আহিব ।

ভোকৰ কুকুৰটোৱে ৰাতি ভুকিবহি আপোনাৰ পদুলিত,

আপোনাৰ সুখৰ টোপনি ভাঙিব ।

মই ফাণ্ডামেন্টেল চায়েঞ্চ পঢ়া ল'ৰা ।

বুজি পাও, সত্যক  হাতেৰে চুই চাব নোৱাৰি ।

জানো, হাতত থকাবোৰৰ সত্যতা কিমান ।

বন্ধুসৱে জোকাই আজিকালি, মই হেনো ফাণ্ডামেন্টেলিষ্ট । 

ৰোল-প্লে (Role-play)

17457892_267831533669782_8423102862503155496_n
// ৰোল-প্লে (১)

পলপলিয়া মুখখন চলচলীয়া চকুয়ে ঢাকি ধৰিছিল । তেওঁ হাঁহি হাঁহি যিবোৰ মিছা কৈ গ'ল গলগলীয়া মাতেৰে,
 তাই কান্দি কান্দিও তাৰ সত্যতা উলিয়াব নোৱাৰিলে ।
// ৰোল-প্লে (২)

ফাগুণৰ শেষ পচোৱাজাকে তাইৰ সকলো উৰুৱাই লৈ গ'ল । ৰৈ গ'ল তাইৰ পুৰণি ডায়েৰীৰ মাজত সাঁচি ৰখা ধুলি এমুঠি । ফাগুণেও বুজিব নোৱাৰিলে, এনে ফুলকুমলীয়া বয়সতে তাই কেনেকৈ বুজি উঠিলে তেওঁৰ ভৰিৰ ধুলি আৰু তাইৰ শিৰৰ সেন্দুৰৰ একাত্মতা ।
// ৰোল-প্লে  (৩)

"আপুনি ইমান চিগাৰেট কিয় খাই ?" বুলি সোধোতে তেওঁ ছোৱালীজনীৰ ওপৰত একপ্ৰকাৰ গৰ্জি উঠিল - চিগাৰেট মোৰ দ্বিতীয় উশাহ। মৰমলগা ছোৱালীজনীয়ে ভয়ে ভয়ে সুধিলে, " আৰু প্ৰথম উশাহ ?" চিকচিকীয়া জোতাৰ আগত লাগি থকা ধুলিখিনিলৈ চাই তেওঁ উত্তৰ দিলে, " কান্দোনৰ চেপাত আত্মহত্যা কৰিলে ।"
// ৰোল-প্লে (৪)

"হাচবেণ্ড হিচাবে তুমি মোৰ পৰা কি বিচাৰিবা ?" গাখীৰচাহকাপত প্ৰথমটো সোহা মাৰি স্থিৰ দৃষ্টিৰে তাইৰ ফালে চাই মানুহজনে প্ৰশ্ন কৰিলে, তাইক চাবলৈ অহা মানুহজনে । একো উত্তৰ নিদি তাই মাথো টেবুলত সজাই থোৱা প্লাষ্টিকৰ গোলাপ কেইপাহিৰ পিনে তহতহকৈ চাই ৰ'ল । বিচৰাৰ আশা বাদ দিয়াৰ শেষত আজি তাই এটা প্ৰশ্ন বিচাৰি পালে, যি সঁচা অৰ্থত তাইক সোধা হৈছিল ।
// ৰোল-প্লে (৫)

গা ধুই আহি জাঙ্গিয়াতো পালেঙৰ ষ্টেণ্ডত ওলোমাই দি ৰূমমেটে এক বেপৰুৱা ধমকি দিলে, "কেলা ! মস্ত মাল এটা তোৰ পাছত, তোৰ আকৌ দেৱদাচ লেবেল ! কি মানুহ বে তই ?" নাকেৰে চিগাৰেটৰ ধোৱা উৰুৱাই মিছিকীয়া হাঁহিৰে তেওঁৰ আপোনভোলা উত্তৰ, "জংঘলী মানুহ !"
// ৰোল-প্লে (৬)

সৰুৰেপৰা দেখিঅহা মাকৰ একমাত্ৰ সোণৰ আঙঠিটো ভাঙি তাইৰ বাবে নতুন এটা বনাব, কথাটো তাই এক্কেবাৰে মানি ল'ব পৰা নাছিল । কিন্তু মাক, বিশেষকৈ দেউতাকৰ চকুপানী তাইৰ সহ্য নহয় । বহীকাগজৰ সৰু টুকুৰা এটাত মাকে আঙঠীটো বান্ধি থকা দেখি তাইৰ বুকুত ধমককৈ কিবা এটাই কোব মাৰি দিলে - আঙঠীটো গলাই দিলে দেউতাকৰ মৰমবোৰ উৰি নাযায়টো ! মাকৰ হাতৰ পৰা আঙঠীটো একপ্ৰকাৰ টান মাৰি আনি তাই দেউতাকৰ চকুলৈ চাই ক'লে - “ হ'ব দেউতা । মই এনেকৈয়ে বিয়াত পিন্ধিম ।"
// ৰোল-প্লে (৭)

“ পাছ কৰি কি কৰিম বে বন্ধু ?” - ভৰি হাত মেলি বিছনাত লাং খাই পৰি থকা ৰূমমেটে বৰ বিষাদৰ সুৰত ক'লে, “ চিন্তাবোৰ কিবা ফেনখনৰ দৰে নিজৰ মাজতেই ঘুৰি আছে চোন ! পিচে তই কি ভাৱিছ জংঘলী মানৱ ?” বেঁকা হৈ গাৰুত ভেজা দি কিতাপখনৰ পাত লুটিয়াই তেওঁৰ পোন উত্তৰ, “ হালত ধৰিম । নাঙলৰ ফালত সীতাক বিছাৰিম ।" একে আসনতেই থাকি ৰূমমেটৰ এক চিন্তাশীল প্ৰশ্ন, “ সীতাক পাইনো কৰিবি কি ? আধাদিন ৰাৱণৰ তাত, পিছত বনবাস, আকৌ শেষত পাতালপুৰী ! নহয়জানো ?” কিতাপখন জপাই তেওঁ এটা চিগাৰেট জ্বলালে আৰু প্ৰথম টানতো মাৰি ফেনখনৰ ফালে চাই - “ কৰিবলৈ একো নাই । মাথো নকৰিবলৈহে আছে ।"
// ৰোল-প্লে  (৮)

"ইমান পইচা ক'ত পাইছ তই ?" বুলি তাই সুধিলে দেউতাকৰ উত্তৰ খালি এটাই - "তই এইবোৰ চিন্তা কৰিব নালাগে বুলি কৈছো নহয় ।" কিন্তু কালি মিস্ত্ৰীজনে কইনাৰ প্ৰকাণ্ড পালেং খন চোতালত সকলোৰে আগত ফিটিং কৰি দেখাওতে, তাইৰ টুকুৰা-টুকুৰ চিন্তাবোৰ ফিটিং হৈ যি এটা নতুন চিন্তাৰ জন্ম হ'ল, এটা শব্দত তাক কি কোৱা যাব ? ভাষাজ্ঞান বোলা বস্তু তাইৰ অলপো নাই ! - তেওঁ ঠিকেই কৈছিল !
// ৰোল-প্লে ৯

 – মই আন্ধাৰৰ ৰজা । আন্ধাৰ লাগে মজা । ক'লা ক'লা বজাৰত ….
 -- এন্ধাৰ হব নোৱাৰো । মচি দিব নোখোজো । পাখি মেলা …...
 কাৰেন্টবিহীন সন্ধিয়াটোত দুয়ো ৰূমমেটে নিজৰ নিজৰ বিচনাত পৰি নিজৰ নিজৰ গান আওৰাইছে ।
 -- ৰূমমেট । সৰুতে আন্ধাৰক বৰ ভয় লাগিছিল বে । কিবা হেচা মাৰি ধৰা যেন লাগিছিল । কান্দি দিছিলো মই । আৰু আজিকালি, আন্ধাৰটো বেয়া এনজয় কৰো । এঙাৰৰ পোহৰখিনিও সহ্য নহয় এনেকুৱা চেক্সী সময়ত ।
 এটা দীঘল হুমুনিয়াহৰ পিছত তেওঁৰ গলগলীয়া মাত - এই যে আন্ধাৰত কন্দা তই জন আৰু এতিয়া আন্ধাৰক চেক্সী বোলা তই জনৰ মাজৰ সীমাৰেখা মানে বৰ্ডাৰ লাইনডালৰ নাম কি জান ?
 -- কিনো ?
 -- চিগাৰেট ।
 -- চিগাৰেট ??
 -- না । চিগাৰেটতো মই বাহিৰতে খাও গৈ দে । তই এনজয় কৰ । হেডফোনডাল মোৰ টেবুলৰ ওপৰতে আছে ।
// ৰোল-প্লে ১০

একেচাটতে বৰষুণ জাকে তাঁতবাটি খন আউল লগাই গ'ল । " কৈছিলোৱেই ! বোলে বজাৰত দহো বস্তু কিনিলো, চেলেংখন নাপায়নে ?" - খঙতে মাকে ভোৰভোৰাইছে - "তোৰহে চখ । কৰ এতিয়া যি কৰ ।" বৰষুণত জুৰুলি-জুপুৰি হোৱা কেঁচা সূতাবোৰৰ জোঁট ভঙাৰ বিফল চেষ্টাই আজি তাইক কাণে কাণে এটা কথা বাৰুকৈয়ে শিকাই গ'ল - বজাৰৰ বস্তুকো ভালপাব শিকিব লাগিব, আগবাঢ়িবলৈ হ'লে !
// ৰোল-প্লে ১১

আনমনা ছোৱালীজনীক তেওঁ ভৰিৰ পৰা মুৰলৈ এনেকৈ চাই আছিল যেন পাৰত বহিয়েই নদীখনিৰ বুকুত সাঁতুৰি আহিল, সুদূৰত বহিয়েই সানিলে গালে মুখে গছৰ পত্ৰহৰিৎ । আৰু কিছুদেৰি এই অন্যমনস্কতা আৰু দৃষ্টিৰ স্থিৰতাৰ সঙ্গমক এৰি দিলে থিতাতে এটি সৃষ্টি ভূমিষ্ঠ হৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা - " হ'লনে তোৰ ", পিঠিত থপৰিয়াই এই আছুতীয়া মাদকতাত ৰূমমেটৰ প্ৰৱেশ । " মোৰতো কেতিয়াবাই হ'ল " - মিছিকিয়া হাঁহিত তেওঁৰ গলগলীয়া কণ্ঠৰ মিশ্ৰণ । " বন্ধু… হি: হি: হি: … মই এই ৰাতিপুৱাৰ পৰা বাৰে বাৰে উতলাই গৰম কৰি থোৱা চাহ কাপৰ কথা কোৱা নাই নহয় । হ'ল যদি যাও ব'ল । বাকীখিনি ৰাতি শুনিম ।"
 // ৰোল- প্লে ১২
 কৃষ্ঞচূড়াজোপাৰ ওপৰলৈ তাই ৰহ লাগি এনেকৈ কি চাই আছিল ক'ব নোৱাৰিব - হঠাতে ক'ৰবাৰ পৰা ঢোৰাকাউৰী এটা আহি ডালত পৰিল । কা কা বুলি কিছু দেৰি মাতিলে - ইফালে সিফালে চালে - আকৌ মাতিলে, আগতকৈ বেচি জোৰে... - আৰু উৰি গুচি গ'ল । তাইৰ মনত এনে বেজাৰে কিয় বাৰু উক দিয়ে হঠাতে - “ অই অবুজ কাউৰী ! কিয় বেজাৰ কৰিছ ? মইতো শুনি আছিলো ন তোৰ মাত - কোনেও নুশুনা শুৱলা মাত, তোৰ দৰদি মাত !!!!”

আঁৰকাপোৰ

stage-curtains-001-lrg

অনুভূতিৰ এটা দিন দি থৈ আহিলো ।
মই থাকিও মই আছিলো নে নাই মই নাজানো ।
মই নোসোধোঁ ।
নিজকে কেতিয়াও নোসোধোঁ ।

হাতে ভৰি সূতা বান্ধি থিয় হৈছো ।
তুমি হাঁহিব দিছা - হাঁহিছো ।
তুমি কৈছা, আপোনজন মোৰ পদুলিত -
উকা পদুলিমুখলৈ মই দৌৰি ওলাই গৈছো ।
মই হুকহুকাই কান্দিছো, তুমি কোৱাৰ বাবে ।
দৰ্শকে কান্দিছে, মই কন্দাৰ বাবে ।
এনে নিখুত দুখ ক'ৰ পৰা ওলাল,
মই নাজানো ।
মই সঁচাকেই নাজানো ।

তোমাৰ নিৰ্দেশনাত যে মই ক'ত কি কৰি ফুৰিছো ।
কেতিয়াবা ভাবো, বিনিময়ত কি পাইছো ?
এৰা, পাইছোতো । পাইছো ।
সেই যে,
আধাখোলা খিৰিকিৰে সোমাই আহে ,
থৌকি বাথৌ খিলখিলিয়া হাঁহি ।
প্ৰাণভৰি উমলে মোৰ সতে আৰু গালত চুমা খাই প্ৰশ্ন কৰে,
তোমাৰ আচল নাম কি ??

মোৰ পিছে পিছে দৌৰা ধূলিবোৰে চকুত ধৰি গায় -
“ ৰজাই হুকুম দিছে এদিম চেদিম বাই,
নিলাক্ষী নামৰ ছোৱালী লাগে এদিম চেদিম বাই !"

হাত ভৰিৰ সূতাবোৰ শিকলি সজাই,
যেন বন্দি কৰি থব কোনোবা অসুৰ ৰজাই,
বন্দি শালত উচুপি থাকিম তোমাৰ বাবে বাট চাই ।

তুমি আহি শিকলি চিঙিবা,
মই দৌৰি ওলাই যাম,
হাতৰ পুতলাটো দি মাতিবা মোক মোৰ সঁচা নামেৰে ।
এজাক হাঁহিয়ে গান গাব আৰু
দৰ্শকে নাচিব মোৰ হাঁহিৰ চেৱে চেৱে । আস ….!!!

কিন্তু ! কিন্তু প্ৰশ্ন হৈছে,
এই হাঁহি সঁচা নে সেই কান্দোন ?
তুমি বাৰু কি ভাবিছা ?
এই হাঁহি ??
হা: হা: হা:....

সঁচা দুয়োটাই । এৰা দুয়োটাই !
মোৰেই হাঁহি । মোৰেই কান্দোন ।
আৰু মই এই হাঁহি আৰু কান্দোনৰ মাজৰ দাপোণ ।

তুমি থাকিলে দাপোণ স্বচ্ছ হয় একোটা কেমিকেলৰ টেমাৰ ভিতৰত ।
আৰু মই অকলে থাকিলে.....

জিলিকি উঠে মোৰ লোতকৰ কোচত । 

নূপুৰ (Nupur)

IMG-20170317-WA0010

হেই শুনাচোন, মই
তোমাৰ ভৰিৰ নূপুৰ হব খুজিছো ।
তোমাৰ খোজত পুলকিত হ'ব বিচাৰিছো,
তোমাৰ স্থিৰতাত মৌন হব আৰু
তুমি দৌৰিলে নেপথ্যত ৰাগৰ মুৰ্ছনা হব ।

সঁচাকে কৈছো ।
বনাই দিয়াচোন মোক তোমাৰ ভৰিৰ নূপুৰ ।
আন্ধাৰ ৰাতি ম'মৰ পোহৰত উম লৈ
পূৱা নিয়ৰক আকাশলৈ পঠাম তোমাৰ প্ৰথম খোজত ।

নিয়ৰবোৰ সন্ধিয়া বৰষুণ হৈ নামিব তোমাৰ গালত,
আঁকি দিব সপোন চকুত ।
এইদৰে মই ভৰিৰ পৰা গৈ তোমাৰ চকুত জিৰাব খুজিছো ।
ভয় নকৰিবা,
তোমাৰ ভৰিয়েই মোৰ স্থায়ী আবাস হ'ব ।
মাথো,
মই তোমাৰ নূপুৰ হব খুজিছো ।

এজন নাস্তিকৰ এদিনৰ দিনলিপি ( One day from an atheist’s diary )

nasikকালত জপিয়াই জপিয়াই ঢুকি নোপোৱা টিলিঙাটো ,
মায়ে মোক কোলাত লৈ বজাব দিছিল ।
ভগৱানক জগোৱাৰ কি দুৰ্দান্ত বাসনা আছিল ল'ৰালিত !
আজি কাৰোবাৰ প্ৰাৰ্থনা হবলৈ নহয়, প্ৰাৰ্থনাৰ অনুশীলনত,
বহু বছৰৰ পিছত আহি তোমাক জগাইছো ভগৱান ,
সাৰ পোৱা, সাৰ পোৱাচোন ।।

তোমালৈ এহাজাৰ প্ৰশ্নৰ টোপোলা - যেন তোমাতেই বৰ্ণমালা ।
তুমি ইমান ওপৰত, পাহাৰৰ টিঙত কিয় থাকা ?
ল'ৰালিত দৌৰি দৌৰি উঠো, টিলিঙা ঢুকি নাপাও !
আজি সহজতে লগ পাও, পিচে তোমাক জগাব নোখোজো !!
তুমি বাৰু কেতিয়া শুইছিলা ? কেতিয়ালৈ জাগিবা ?
আমি ক্লান্ত পথিক - জোট লগা সূতাৰ মহুৰাপাক ।
ৰাতি হ'লে নিতাল মাৰি সৰি লাগো ।
ৰাতিও জানো তুমি হিচাপ কৰি নাথাকা আমাৰ 
জন্ম, মৃত্যু , বিবাহ ?

সাইলাস তোমাৰ দৰে এটা প্ৰকাণ্ড শিলৰ আগত আহি মুৰ দোৱাইছো ।
কি খুজিম তোমাক ?
মা - দেউতা এতিয়াও চলিব পৰা হৈ আছে ।
এসাজো লঘোনে নপৰাকে জীৱনৰ ত্ৰিছ বছৰ পাৰ হ'ল ।
নিজৰ ভৰিৰ খোজত তোমাৰ ওচৰলৈ আহিব পাৰো ।
ক'লা চামৰাক ৰং বিৰঙৰ কাপোৰেৰে ঢাকি ৰাখিব পাৰিছো ।
আৰুনো কি লাগিছে মোক ?
যে তোমাৰ ওচৰলৈ দৌৰি আহিম ?
পূৱাৰাতিৰ ঘুমটি এৰি পাহাৰত উঠিম ?
সেয়ে মই নাস্তিক হ'লো ভগৱান । তোমাৰ প্ৰয়োজন নাই ।
কাৰণ,
তুমি বুকুত শিপাইছা । তথাপি মোক ভালনোপোৱা !
তুমি লগত লগ হৈ ফুৰিছা । তথাপি মোৰ নোহোৱা !
আজিলৈ ৰাখিছো ভগৱান ।
যাৰ তোমাক প্ৰয়োজন, তুমি গৈ তেওঁৰ হোৱা ।।

 

Powered by WordPress.com.

Up ↑