মই কিয় এক নাস্তিক ? ( The Assamese translation of “Why I am an atheist”)

1389596

( শ্বহীদ ভগত সিঙৰ বিখ্যাত পত্ৰ “ Why I am an atheist ? ” ৰ অসমীয়া ভাঙনি )

(১) স্বাভিমান নে অহংকাৰ ?

অপ্ৰত্যাশিতভাৱে এটা নতুন প্ৰশ্ন উত্থাপিত হৈছে । এয়া কি মোৰ অহংকাৰ নেকি যে মই সৰ্বশক্তিমান, সৰ্বত্ৰবিৰাজমান আৰু সৰ্বজ্ঞানী ভগৱানৰ অস্তিত্বক বিশ্বাস নকৰো ? এনে এক প্ৰশ্ন আহি হঠাতে এদিন মোৰ মুখামুখি হ’ব বুলি মই কেতিয়াও কল্পনা কৰাই নাছিলো । কিন্তু মিত্ৰসৱৰ লগত হোৱা কথা-বতৰাত ওলাইছিল যে মোৰ কিছু সংখ্যক বন্ধুৱে মোৰ ভগৱানৰ অস্তিত্ব বিৰোধী মানসিকতাক “ অলপ বেচি ” বা এয়া মোৰ অহংকাৰী মনৰ ওপজ বুলি ক’ব খোজে । কথাতো নিশ্চিতভাৱে গম্ভীৰ । মানুহ হিচাপে এই মানৱ জীৱনটোৰ উৰ্ধত মোৰ কোনোধৰণৰ গৌৰৱ নাই । মই এজন মানুহ মাত্ৰ আৰু তাতকৈ বেছি একো নহয় । আৰু হোৱাটো দাবী কৰাৰ ধৃষ্টতাও নাই । ময়ো একে দুৰ্বলতাৰেই পৰিপূৰ্ণ । ফলস্বৰূপে অহংকাৰ মোৰ প্ৰবৃত্তিৰ অংশবিশেষ । মোৰ কমৰেড বন্ধুসৱৰ মাজত মই মোৰ স্বেচ্ছাচাৰী মনোভাৱৰ বাবে বিখ্যাত । বন্ধু বি. কে. দত্ত ও কেতিয়াবা মোক একনায়ক বুলি সম্বোধন কৰে । কেতিয়াবা কৰবাত বৰ অত্যাচাৰী বুলিও নিন্দিত নোহোৱা নহয় । কিছুমান বন্ধুৱে বৰ গুৰুতৰ ভাৱে অভিযোগ কৰিছিল যে মই তেওঁলোকৰ অমতত মোৰ মতামত একপ্ৰকাৰে জাপি দিয়াৰ দৰে কৰি মোৰ প্ৰস্তাৱ সৈমান কৰাই লৈছিলো । কিছু পৰিমাণে কথাষাৰ মিছাও নহয় বাৰু । মোৰ এই স্বভাৱক মই স্বাভিমান বুলি ক’ব খোজো । অহংকাৰ মোৰো আছে । আমাৰ নিজৰ ধৰ্মবিশ্বাসে আনৰ বিশ্বাসক সততে কৰা বিৰোধীতাৰ সমান অহংকাৰ মোৰ ভিতৰতো আছে । আমাৰ ধৰ্মনীতিত চাগে এয়া এক বৈধগৌৰৱ যাক অহংকাৰৰ ভিতৰত ধৰা নহয় । অতি নিখুতভাৱে চাবলৈ গ’লে অহংকাৰ হৈছে এজন ব্যক্তিৰ নিজৰ ভিতৰত থকা মাত্ৰাধিক অদেয় গৌৰৱ । মই এজন নাস্তিক হোৱাৰ অন্তৰালত মোৰ এনে অপ্ৰয়োজনীয় মাত্ৰাধিক গৌৰৱ নে দৰাচলতে এই বিষয়টো পুংখানুপুংখকৈ অধ্যয়ন কৰাৰ পিছত লোৱা সিদ্ধান্তৰ বাবে মই ভগৱান বিশ্বাসত অবিশ্বাস ৰাখো, তাকেই ইয়াত আলোচনা কৰিব বিছাৰিছো । তাৰ আগতে এটা কথা স্পষ্ট কৰি থোৱা ভাল হ’ব যে স্বাভিমান আৰু অহংকাৰ দুই ভিন্ন মানসিকতা ।

(আগলৈ)

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

Powered by WordPress.com.

Up ↑

%d bloggers like this: