ৰোল-প্লে (Role-play)

17457892_267831533669782_8423102862503155496_n
// ৰোল-প্লে (১)

পলপলিয়া মুখখন চলচলীয়া চকুয়ে ঢাকি ধৰিছিল । তেওঁ হাঁহি হাঁহি যিবোৰ মিছা কৈ গ'ল গলগলীয়া মাতেৰে,
 তাই কান্দি কান্দিও তাৰ সত্যতা উলিয়াব নোৱাৰিলে ।
// ৰোল-প্লে (২)

ফাগুণৰ শেষ পচোৱাজাকে তাইৰ সকলো উৰুৱাই লৈ গ'ল । ৰৈ গ'ল তাইৰ পুৰণি ডায়েৰীৰ মাজত সাঁচি ৰখা ধুলি এমুঠি । ফাগুণেও বুজিব নোৱাৰিলে, এনে ফুলকুমলীয়া বয়সতে তাই কেনেকৈ বুজি উঠিলে তেওঁৰ ভৰিৰ ধুলি আৰু তাইৰ শিৰৰ সেন্দুৰৰ একাত্মতা ।
// ৰোল-প্লে  (৩)

"আপুনি ইমান চিগাৰেট কিয় খাই ?" বুলি সোধোতে তেওঁ ছোৱালীজনীৰ ওপৰত একপ্ৰকাৰ গৰ্জি উঠিল - চিগাৰেট মোৰ দ্বিতীয় উশাহ। মৰমলগা ছোৱালীজনীয়ে ভয়ে ভয়ে সুধিলে, " আৰু প্ৰথম উশাহ ?" চিকচিকীয়া জোতাৰ আগত লাগি থকা ধুলিখিনিলৈ চাই তেওঁ উত্তৰ দিলে, " কান্দোনৰ চেপাত আত্মহত্যা কৰিলে ।"
// ৰোল-প্লে (৪)

"হাচবেণ্ড হিচাবে তুমি মোৰ পৰা কি বিচাৰিবা ?" গাখীৰচাহকাপত প্ৰথমটো সোহা মাৰি স্থিৰ দৃষ্টিৰে তাইৰ ফালে চাই মানুহজনে প্ৰশ্ন কৰিলে, তাইক চাবলৈ অহা মানুহজনে । একো উত্তৰ নিদি তাই মাথো টেবুলত সজাই থোৱা প্লাষ্টিকৰ গোলাপ কেইপাহিৰ পিনে তহতহকৈ চাই ৰ'ল । বিচৰাৰ আশা বাদ দিয়াৰ শেষত আজি তাই এটা প্ৰশ্ন বিচাৰি পালে, যি সঁচা অৰ্থত তাইক সোধা হৈছিল ।
// ৰোল-প্লে (৫)

গা ধুই আহি জাঙ্গিয়াতো পালেঙৰ ষ্টেণ্ডত ওলোমাই দি ৰূমমেটে এক বেপৰুৱা ধমকি দিলে, "কেলা ! মস্ত মাল এটা তোৰ পাছত, তোৰ আকৌ দেৱদাচ লেবেল ! কি মানুহ বে তই ?" নাকেৰে চিগাৰেটৰ ধোৱা উৰুৱাই মিছিকীয়া হাঁহিৰে তেওঁৰ আপোনভোলা উত্তৰ, "জংঘলী মানুহ !"
// ৰোল-প্লে (৬)

সৰুৰেপৰা দেখিঅহা মাকৰ একমাত্ৰ সোণৰ আঙঠিটো ভাঙি তাইৰ বাবে নতুন এটা বনাব, কথাটো তাই এক্কেবাৰে মানি ল'ব পৰা নাছিল । কিন্তু মাক, বিশেষকৈ দেউতাকৰ চকুপানী তাইৰ সহ্য নহয় । বহীকাগজৰ সৰু টুকুৰা এটাত মাকে আঙঠীটো বান্ধি থকা দেখি তাইৰ বুকুত ধমককৈ কিবা এটাই কোব মাৰি দিলে - আঙঠীটো গলাই দিলে দেউতাকৰ মৰমবোৰ উৰি নাযায়টো ! মাকৰ হাতৰ পৰা আঙঠীটো একপ্ৰকাৰ টান মাৰি আনি তাই দেউতাকৰ চকুলৈ চাই ক'লে - “ হ'ব দেউতা । মই এনেকৈয়ে বিয়াত পিন্ধিম ।"
// ৰোল-প্লে (৭)

“ পাছ কৰি কি কৰিম বে বন্ধু ?” - ভৰি হাত মেলি বিছনাত লাং খাই পৰি থকা ৰূমমেটে বৰ বিষাদৰ সুৰত ক'লে, “ চিন্তাবোৰ কিবা ফেনখনৰ দৰে নিজৰ মাজতেই ঘুৰি আছে চোন ! পিচে তই কি ভাৱিছ জংঘলী মানৱ ?” বেঁকা হৈ গাৰুত ভেজা দি কিতাপখনৰ পাত লুটিয়াই তেওঁৰ পোন উত্তৰ, “ হালত ধৰিম । নাঙলৰ ফালত সীতাক বিছাৰিম ।" একে আসনতেই থাকি ৰূমমেটৰ এক চিন্তাশীল প্ৰশ্ন, “ সীতাক পাইনো কৰিবি কি ? আধাদিন ৰাৱণৰ তাত, পিছত বনবাস, আকৌ শেষত পাতালপুৰী ! নহয়জানো ?” কিতাপখন জপাই তেওঁ এটা চিগাৰেট জ্বলালে আৰু প্ৰথম টানতো মাৰি ফেনখনৰ ফালে চাই - “ কৰিবলৈ একো নাই । মাথো নকৰিবলৈহে আছে ।"
// ৰোল-প্লে  (৮)

"ইমান পইচা ক'ত পাইছ তই ?" বুলি তাই সুধিলে দেউতাকৰ উত্তৰ খালি এটাই - "তই এইবোৰ চিন্তা কৰিব নালাগে বুলি কৈছো নহয় ।" কিন্তু কালি মিস্ত্ৰীজনে কইনাৰ প্ৰকাণ্ড পালেং খন চোতালত সকলোৰে আগত ফিটিং কৰি দেখাওতে, তাইৰ টুকুৰা-টুকুৰ চিন্তাবোৰ ফিটিং হৈ যি এটা নতুন চিন্তাৰ জন্ম হ'ল, এটা শব্দত তাক কি কোৱা যাব ? ভাষাজ্ঞান বোলা বস্তু তাইৰ অলপো নাই ! - তেওঁ ঠিকেই কৈছিল !
// ৰোল-প্লে ৯

 – মই আন্ধাৰৰ ৰজা । আন্ধাৰ লাগে মজা । ক'লা ক'লা বজাৰত ….
 -- এন্ধাৰ হব নোৱাৰো । মচি দিব নোখোজো । পাখি মেলা …...
 কাৰেন্টবিহীন সন্ধিয়াটোত দুয়ো ৰূমমেটে নিজৰ নিজৰ বিচনাত পৰি নিজৰ নিজৰ গান আওৰাইছে ।
 -- ৰূমমেট । সৰুতে আন্ধাৰক বৰ ভয় লাগিছিল বে । কিবা হেচা মাৰি ধৰা যেন লাগিছিল । কান্দি দিছিলো মই । আৰু আজিকালি, আন্ধাৰটো বেয়া এনজয় কৰো । এঙাৰৰ পোহৰখিনিও সহ্য নহয় এনেকুৱা চেক্সী সময়ত ।
 এটা দীঘল হুমুনিয়াহৰ পিছত তেওঁৰ গলগলীয়া মাত - এই যে আন্ধাৰত কন্দা তই জন আৰু এতিয়া আন্ধাৰক চেক্সী বোলা তই জনৰ মাজৰ সীমাৰেখা মানে বৰ্ডাৰ লাইনডালৰ নাম কি জান ?
 -- কিনো ?
 -- চিগাৰেট ।
 -- চিগাৰেট ??
 -- না । চিগাৰেটতো মই বাহিৰতে খাও গৈ দে । তই এনজয় কৰ । হেডফোনডাল মোৰ টেবুলৰ ওপৰতে আছে ।
// ৰোল-প্লে ১০

একেচাটতে বৰষুণ জাকে তাঁতবাটি খন আউল লগাই গ'ল । " কৈছিলোৱেই ! বোলে বজাৰত দহো বস্তু কিনিলো, চেলেংখন নাপায়নে ?" - খঙতে মাকে ভোৰভোৰাইছে - "তোৰহে চখ । কৰ এতিয়া যি কৰ ।" বৰষুণত জুৰুলি-জুপুৰি হোৱা কেঁচা সূতাবোৰৰ জোঁট ভঙাৰ বিফল চেষ্টাই আজি তাইক কাণে কাণে এটা কথা বাৰুকৈয়ে শিকাই গ'ল - বজাৰৰ বস্তুকো ভালপাব শিকিব লাগিব, আগবাঢ়িবলৈ হ'লে !
// ৰোল-প্লে ১১

আনমনা ছোৱালীজনীক তেওঁ ভৰিৰ পৰা মুৰলৈ এনেকৈ চাই আছিল যেন পাৰত বহিয়েই নদীখনিৰ বুকুত সাঁতুৰি আহিল, সুদূৰত বহিয়েই সানিলে গালে মুখে গছৰ পত্ৰহৰিৎ । আৰু কিছুদেৰি এই অন্যমনস্কতা আৰু দৃষ্টিৰ স্থিৰতাৰ সঙ্গমক এৰি দিলে থিতাতে এটি সৃষ্টি ভূমিষ্ঠ হৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা - " হ'লনে তোৰ ", পিঠিত থপৰিয়াই এই আছুতীয়া মাদকতাত ৰূমমেটৰ প্ৰৱেশ । " মোৰতো কেতিয়াবাই হ'ল " - মিছিকিয়া হাঁহিত তেওঁৰ গলগলীয়া কণ্ঠৰ মিশ্ৰণ । " বন্ধু… হি: হি: হি: … মই এই ৰাতিপুৱাৰ পৰা বাৰে বাৰে উতলাই গৰম কৰি থোৱা চাহ কাপৰ কথা কোৱা নাই নহয় । হ'ল যদি যাও ব'ল । বাকীখিনি ৰাতি শুনিম ।"
 // ৰোল- প্লে ১২
 কৃষ্ঞচূড়াজোপাৰ ওপৰলৈ তাই ৰহ লাগি এনেকৈ কি চাই আছিল ক'ব নোৱাৰিব - হঠাতে ক'ৰবাৰ পৰা ঢোৰাকাউৰী এটা আহি ডালত পৰিল । কা কা বুলি কিছু দেৰি মাতিলে - ইফালে সিফালে চালে - আকৌ মাতিলে, আগতকৈ বেচি জোৰে... - আৰু উৰি গুচি গ'ল । তাইৰ মনত এনে বেজাৰে কিয় বাৰু উক দিয়ে হঠাতে - “ অই অবুজ কাউৰী ! কিয় বেজাৰ কৰিছ ? মইতো শুনি আছিলো ন তোৰ মাত - কোনেও নুশুনা শুৱলা মাত, তোৰ দৰদি মাত !!!!”

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

Powered by WordPress.com.

Up ↑

%d bloggers like this: