জন্মতে ময়ো সোঁহতীয়াই আছিলো । ভোকৰ যুদ্ধই সো হাতখন কাটি নিয়া দিনধৰি যিখনেৰে খাও সেইখনৰেই ধুও । আজিকালি মানুহে মোক বাওঁহতীয়া বুলি হাঁহে । মায়ে সুধিছিল – বাবা, তোৰ ইমান ভোক কিহৰ ? মাৰ মৰমত মোৰ কঠিন উত্তৰ আছিল - ভোক মোৰ নহয় মা । আচলতে এই ভোক খাদ্যৰ নহয় । এই ভোক সোৱাদৰ । ক'লা পলিথিনত বান্ধি আমি যে দলিয়াই দিও ৰাস্তাৰ দাঁতিলৈ, এই ভোক সেই আৱৰ্জনা বোৰৰ । মিত্ৰ এজনে অলপতে লগ পাই সুধিলে - বন্ধু, বাকীবোৰৰ কি হ'ল ? মই ক'লো - কিছুমানৰ দুয়োখন হাতেই কটা গ'ল । লগতে জিভাখনো । কিছুসংখ্যক মোৰ দৰে হাঁহিয়াতৰ পাত্ৰ । আৰু, আৰু বেচি ভাগেই যুদ্ধ এৰি পলাল । কৰি আছে এতিয়া, পেট আৰু ভোকৰ মিতিৰালি । নিজে ধুৱে, চাৰকো ধুৱাই দিয়ে । নিজে খাই, চাৰকো খাব দিয়ে । হাত, জিভা চব বন্ধকীত থৈ চাৰৰ আৰতী কৰে । ভাষণত প্ৰশংসা, গালি তো হাত তালি । ৰাতিৰ আন্ধাৰত তেওলোকে মোলৈ পত্ৰ লিখে । ভাত যাচে, সোৱাদৰ ভাত । মই অতিস্থ হৈ চিঞৰি উঠো - ইমানকৈ নুখুৱাব চাৰ । শৈশৱৰ ভোক পেট ফাটি বাহিৰ হৈ আহিব । ভোকৰ কুকুৰটোৱে ৰাতি ভুকিবহি আপোনাৰ পদুলিত, আপোনাৰ সুখৰ টোপনি ভাঙিব । মই ফাণ্ডামেন্টেল চায়েঞ্চ পঢ়া ল'ৰা । বুজি পাও, সত্যক হাতেৰে চুই চাব নোৱাৰি । জানো, হাতত থকাবোৰৰ সত্যতা কিমান । বন্ধুসৱে জোকাই আজিকালি, মই হেনো ফাণ্ডামেন্টেলিষ্ট ।
Convincing 🙂
LikeLiked by 1 person
Beautifully presented (y)
LikeLike